মুখ্য পৃষ্ঠা
18/04/25
05:42
● অসীমত যাৰ হেৰাল সীমা ●
চিৰ নিদ্ৰাত মাতাল হ'ল
মোৰ প্ৰাণৰ প্ৰেম
ৰৈ গ'ল আক্ষেপ প্ৰাপ্তিৰ আশাত |
সজল নয়নে অঁকা মোৰ প্ৰেমৰ ছবি
মৃত্যুৰ গহ্বৰত প্ৰাচীৰ হৈ ৰল
মৃত্যুৰ ধুমুহাত শূন্য হ'ল
মোৰ প্ৰেমৰ অস্তিত্ব |
দুৰ্ভীক্ষতাৰ গৰাহত সপোন বোৰ
আধৰোৱা হৈ ৰল |
পূৱাৰ ৰ'দত জিলিকা নিয়ৰৰ মণি মুকুটা
আন্ধাৰৰ নিষ্ঠুৰ পৰশত
অচিন অনামিকাত হেৰায় গ'ল ||
জীৱনৰ সুৰভি বিলোৱা মোৰ প্ৰিয়া
দূৰ দিগন্তলৈ আতৰি গ'ল
ভালপোৱাৰ অভিমান বোৰ ,
মৃত্যু চিতাৰ ক'লা ধুঁৱাত
নেদেখা দূৰলৈ উৰি গ'ল |
ফাগুনৰ পচোৱাত উৰা ৰিহাৰ আঁচল
এটি সপোন হ'ল |
ইপাৰত ফুলা প্ৰেমৰ ফুল বাগিচা
সিপাৰত সৰুভুমি হ'ল |
প্ৰেমৰ ঘৰৰ ফুলনি
অসীমত মৰিচিকা হ'ল |
© ৰাজু কলিতা
(ফেচবুকৰ 333 টা কবিতা সংকলনত প্ৰকাশিত)